নিউজ ডেস্ক, ১ ডিচেম্বৰঃ আজি সম্পন্ন হ’ব আনন্দ শৰ্মাৰ অস্ত্ৰোপচাৰ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ ভুক্তভোগী ছাত্ৰ আনন্দ শৰ্মা৷ শৰীৰ কেইবাটাও অংগ অচল হৈ পৰিছে ছাত্ৰজনৰ৷
আদিত্য নাৰ্ছিং হোমত সম্পন্ন হ’ব আনন্দৰ অস্ত্ৰোপচাৰ। দিল্লীলৈ স্থানান্তৰ কৰাত সমস্যাৰ সৃষ্টি হোৱাৰ বাবে ডিব্ৰুগড়তে আনন্দৰ অস্ত্ৰোপচাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। হাস্পতালৰ বিচনাত যন্ত্ৰণাত ছটফটাইছে ভয়ংকৰ ৰেগিং কাণ্ডৰ ভুক্তভোগী আনন্দই। আনন্দৰ ৰাজহাড় ভাঙি যোৱাৰ লগতে গুৰুতৰভাৱে আঘাত পাইছে শৰীৰৰ আন অংশতো।