নিউজ ডেস্ক, ১ ডিচেম্বৰঃ যোৰহাটত চাঞ্চল্যকৰ অপহৰণ কাণ্ড৷ চহৰৰ মাজমজিয়াৰ পৰা এজন যুৱকক অপহৰণ৷ ৰে’লৱে ষ্টেচনৰ সমীপৰ পৰা অপহৰণ অমৰজিৎ চাহু নামৰ এজন ছাত্ৰক ৷ অপহৰণকাৰীয়ে মুক্তিপণ হিচাপে দাবী কৰিছে ৫০ লাখ টকা৷
এই সন্দৰ্ভত ইতিমধ্যে পৰিয়ালৰ লোকে যোৰহাট সদৰ থানাত ঘটনাৰ বিষয়ে অৱগত কৰিছে। অমৰজিৎ চাহু ৰাজেশ চাহু নামৰ ঠিকাদাৰ গৰাকীৰ পুত্ৰ ।