আণ্ডাৰৱেৰ বাছনি কৰা আৰু কিনাত ভুল নকৰিব,অন্যথা…


যুগ আগবাঢ়িছে। সময়ৰ লগে লগে আমিও অতি আধুনিক হৈ পৰিছো। ইয়াৰ পিছতো বহু মহিলাই এতিয়াও আণ্ডাৰৱেৰৰ বিষয়ে আলোচনা কৰিবলৈ লাজ অনুভৱ কৰে। ফলত আণ্ডাৰৱেৰ বাছনি আৰু কিনাত বহু ভুল হয়। অজানিতে নাৰীৰ শৰীৰত একাধিক সমস্যাই বাহ সাজে। গতিকে বিশেষজ্ঞসকলৰ মতে কাপোৰৰ পৰিৱৰ্তে আণ্ডাৰৱেৰ বাছি লোৱাৰ ক্ষেত্ৰত মহিলাসকলে বহুত বেছি চিন্তা কৰাটো প্ৰয়োজন।

বিশেষজ্ঞসকলে কয় যে আণ্ডাৰৱেৰ বাছনি কৰাত সামান্য ভুল হ’লে একাধিক শাৰীৰিক সমস্যাৰ সৃষ্টি হ’ব পাৰে। ভুল আকাৰৰ আণ্ডাৰৱেৰ পিন্ধিলে পিঠিত ভাঁজ পাৰে।ফলত কঁকালৰ বিষ হোৱাৰ সম্ভাৱনা থাকে।

আপোনাৰ শৰীৰৰ আকাৰৰ বাবে অতি সৰু ব্ৰা হ’লে কান্ধ, ডিঙি আৰু কঁকালৰ বিষ হ’ব পাৰে। আনকি ছালত ৰঙা দাগ পৰাৰ সম্ভাৱনাও আছে।

তদুপৰি আকাৰতকৈ সৰু ব্ৰা পিন্ধিলে শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ সম্ভাৱনা হয়।

বিশেষজ্ঞসকলৰ মতে প্ৰতিগৰাকী মহিলাৰ স্তনৰ আকাৰ ছমাহৰ মূৰে মূৰে সলনি হয়। গতিকে ব্ৰা কিনাৰ সময়ত সেই কথা মনত ৰাখিব। প্ৰয়োজন হ’লে অলপ বেছি টকা খৰচ কৰি ব্ৰেণ্ডেড কোম্পানী এটাৰ পৰা ব্ৰা কিনি লওক। বহুত বেছি আৰামদায়ক হ’ব।

প্ৰতিদিনে একে আণ্ডাৰৱেৰ পিন্ধিব নালাগে। ইয়াৰ ফলত ছালৰ সমস্যা হ’ব পাৰে।

প্ৰতিদিনে তিতা আণ্ডাৰৱেৰ পৰিষ্কাৰ কৰি ব্যৱহাৰ কৰিব লাগে। ৱাশ্বিং মেচিনত আণ্ডাৰৱেৰ ধুব নালাগে। ব্ৰা, পেণ্টী হেণ্ড চাবোনেৰে ধুব।

ব্ৰা বা পেণ্টী ভালকৈ ৰ’দত শুকুৱাবলৈ দিব।

৩ৰ পৰা ৬ মাহৰ মূৰে মূৰে আণ্ডাৰৱেৰ সলনি কৰিব লাগে। অন্যথা শাৰীৰিক সমস্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা বেছি।

AssambollywoodDaily time axomIndiaInternationalNew DelhipoliticsWorld
Comments (0)
Add Comment