এইবাৰ গুজৰাট। বৃহস্পতিবাৰে সন্ধিয়া উদভাদা আৰু ভাপি ষ্টেচনৰ মাজত মুম্বাইৰ পৰা গান্ধীনগৰ অভিমুখী ছুপাৰফাষ্ট এক্সপ্ৰেছ ৰে’লে খুন্দা মাৰে এটা গৰু। পশ্চিম ৰে’লৱেৰ বিষয়া সুনীল ঠাকুৰে কয় যে এই সংঘৰ্ষৰ ফলত ৰে’লখনৰ সন্মুখৰ পেনেলত সৰুকৈ ফাট মেলিছে। প্ৰসংগক্ৰমে সোমবাৰে প্ৰথম পৰ্যায়ৰ গুজৰাট বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয়। সেইদিনাই সন্ধিয়া সংঘটিত হয় এই দুৰ্ঘটনা। বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৬:৩০ বজাত ৮৭ নম্বৰ ৰেলৱে ক্ৰছিঙৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০ ছেপ্টেম্বৰত শুভাৰম্ভণি কৰিছিল এই বন্দে ভাৰত এক্সপ্ৰেছ। তাৰপিছত বন্দে ভাৰত এক্সপ্ৰেছে চাৰিবাৰকৈ গৰুক খুন্দা মাৰে। ইফালে, যোৱা ৮ নৱেম্বৰৰ বিয়লি গান্ধীনগৰ ষ্টেচনৰ পৰা ১০০ কিলোমিটাৰ দূৰত্বত আনন্দ ষ্টেচনৰ সমীপত বন্দে ভাৰত এক্সপ্ৰেছৰ খুন্দাত এগৰাকী মহিলাৰ মৃত্যু হয়। বান্দে ভাৰত এক্সপ্ৰেছ ঘণ্টাত ১৬০ কিলোমিটাৰ বেগত চলিব পাৰে। পশ্চিম ৰে’লৱেৰ সূত্ৰ অনুসৰি সেই ৰে’লত যাত্ৰা কৰাটো আন ৰে’লতকৈ অধিক আৰামদায়ক।