গণতন্ত্ৰৰ বিষয়ে শিকাব নালাগে, ৰাষ্ট্ৰসংঘলৈ ভাৰতৰ কঠোৰ বাৰ্তা

জাতীয় স্বাৰ্থত কোনো আপোচ নহয়। সৰ্বোপৰি দেশ। ‘ইণ্ডিয়া ফাৰ্ষ্ট’ নীতিৰে চলিব বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ। এই ক্ষেত্ৰত কোনো তৃতীয় পক্ষৰ হস্তক্ষেপ সহ্য কৰা নহ’ব। ভাৰতে বৃহস্পতিবাৰে ৰাষ্ট্ৰসংঘক এই বাৰ্তা প্ৰদান কৰে। উল্লেখযোগ্য যে ১ ডিচেম্বৰত ভাৰতে নিৰাপত্তা পৰিষদৰ সভাপতিত্ব গ্ৰহণ কৰিছিল।

আজিৰ দিনটোতে সাংবাদিকসকলক সাক্ষাৎ কৰে ৰাষ্ট্ৰসংঘত ভাৰতৰ প্ৰথমগৰাকী মহিলা স্থায়ী প্ৰতিনিধি ৰুচিৰা কামোজে। তাত তেওঁক ভাৰতৰ গণতন্ত্ৰ আৰু সংবাদ মাধ্যমৰ স্বাধীনতা সম্পৰ্কে প্ৰশ্ন কৰা হৈছিল। কম্বোজে অতি স্পষ্ট ভাষাৰে উত্তৰ দিলে যে ভাৰতক গণতন্ত্ৰৰ বিষয়ে শিকোৱাৰ প্ৰয়োজন নাই। তেওঁ ক’লে, “আপুনি সকলোৱে জানে যে ভাৰত সম্ভৱতঃ পৃথিৱীৰ আটাইতকৈ পুৰণি সভ্যতা। এই দেশৰ গণতন্ত্ৰৰ শিপা ২৫০০ বছৰ পুৰণি। ভাৰত সদায় গণতান্ত্ৰিক দেশ। আজিও এই দেশত – বিধায়িনী দল, ন্যায়পালিকা, প্ৰেছ আৰু ৰঙীন ছ’চিয়েল মিডিয়াৰ দৰে গণতান্ত্ৰিক স্তম্ভবোৰ অক্ষত অৱস্থাত আছে। এই দেশখনেই হৈছে বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ।” লগতে তেওঁ কয়, “ভাৰতত প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে নিৰ্বাচন হয়।”

Daily time axomGuwahatiIndiaInternationalNew DelhipoliticsWorld
Comments (0)
Add Comment