ৰাছিয়াৰ সামৰিক অভিযানত ১৩ হাজাৰ ইউক্ৰেইনৰ সৈনিক নিহত !

ইউক্ৰেইন-ৰাছিয়া যুদ্ধ ৯ মাহ ধৰি চলিছিল।

এতিয়াও যুদ্ধ বন্ধ হোৱাৰ কোনো লক্ষণ দেখা পোৱা নাই। ইয়াৰ মাজতে ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণ আৰম্ভ হোৱাৰ পৰাই ১৩ হাজাৰ ইউক্ৰেইনৰ সৈন্য নিহত হৈছে বুলি ইউক্ৰেইনৰ জ্যেষ্ঠ বিষয়া মাইখাইলো পডোলিয়াকে জনায়।
মাইখাইলো পডোলিয়াকে কয় যে ৰাছিয়াৰ আক্ৰমণ আৰম্ভ হোৱাৰ পৰাই ১০ হাজাৰৰ পৰা ১৩ হাজাৰ ইউক্ৰেইনৰ সৈন্যৰ মৃত্যু হৈছে। ইয়াৰ পূৰ্বে জুন মাহত ৰাষ্ট্ৰপতি জেলেনস্কিৰ এজন উপদেষ্টাই কৈছিল যে প্ৰতিদিনে ১০০ৰ পৰা ২০০ ইউক্ৰেইনৰ সৈন্য ৰাছিয়াৰ আক্ৰমণত নিহত হৈ আছে। ইয়াৰ উপৰিও নৱেম্বৰৰ আৰম্ভণিতে আমেৰিকাৰ সেনাবাহিনীৰ শীৰ্ষ জেনেৰেল মাৰ্ক মিলীয়ে কৈছিল যে ইউক্ৰেইনত এক লাখৰো অধিক ৰাছিয়ান সামৰিক জোৱান নিহত বা আহত হৈছে। তেওঁ লগতে কয় যে কিয়েভত থকা বাহিনীসমূহেও একেধৰণৰ ক্ষতিগ্ৰস্ত হ’ব পাৰে।

AssamDaily time axomGuwahatiIndiaInternationalNew Delhi
Comments (0)
Add Comment