‘ভাৰত জোড়ো যাত্ৰা’ত যোগদান কৰিলে অভিনেত্ৰী স্বৰা ভাস্কৰে।বৃহস্পতিবাৰে মধ্যপ্ৰদেশৰ উজ্জয়নীত ৰাহুল গান্ধীৰ কাষত তেওঁক দেখা গ’ল। বৃহস্পতিবাৰে কংগ্ৰেছৰ অফিচিয়েল পেজৰ পৰা এই পদযাত্ৰাৰ ছবি শ্বেয়াৰ কৰা হয়। ইতিমধ্যে এই ছবিখন ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। অভিনেত্ৰীগৰাকীয়েও নিজেই ৰিটুইট কৰিছে।
যোৱা ৭ নৱেম্বৰৰ পৰা কন্যাকুমাৰীৰ পৰা ‘ভাৰত জোড়ো যাত্ৰা’ আৰম্ভ কৰিছিল ৰাহুল গান্ধীয়ে। সূত্ৰ অনুসৰি মধ্যপ্ৰদেশৰ পিছত ৪ ডিচেম্বৰত তেওঁ ৰাজস্থানত ভৰি দিব। ইতিমধ্যে বহু তাৰকাই এই খোজত যোগদান কৰিছে। ৰাহুল গান্ধীৰ কাষত পূজা ভাট, ৰেশমী দেশাই, ৰিয়া সেন, অমল পালেকাৰ, সন্ধ্যা গোখলে, আকাংক্ষ পুৰীৰ দৰে তাৰকাই খোজ কাঢ়িছিল। সেই তালিকাত যোগ হৈছে স্বাৰা ভাস্কৰৰ নাম।
সামাজিক হওক বা ৰাজনৈতিক হওক, স্বাৰাই সদায় নিজৰ মতামতক লৈ মুকলি। গেৰুৱা শিবিৰক প্ৰায়ে বিভিন্ন কাৰ্য আৰু বক্তব্যৰ বিৰোধিতা কৰা দেখা যায় তেওঁক। এনে পৰিস্থিতিত বিশেষজ্ঞসকলৰ মতে কংগ্ৰেছৰ সৈতে তেওঁৰ স্থিতি তাৎপৰ্যপূৰ্ণ।