নিউজ ডেস্ক, ৩ ডিচেম্বৰঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিংকাণ্ডৰ আন এজন অভিযুক্তৰ আত্মসমৰ্পণ৷ ডিব্ৰুগড় আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ অভিযুক্ত ছাত্ৰ কল্যাণ দত্তৰ৷ আত্মসমৰ্পণৰ পাছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কল্যাণ দত্তক৷ ৰেগিং কাণ্ডৰ অন্যতম অভিযুক্ত কল্যাণ দত্ত৷ বিশ্ববিদ্যালয়ে দাখিল কৰা এজাহাৰত আছিল কল্যাণ দত্তৰ নাম৷
শুকুৰবাৰলৈকে আত্মগোপন কৰি আছিলে কল্যাণ দত্তই। শুকুৰবাৰে এটা ফেচবুক লাইভৰ জৰিয়তে নিজকে নিৰ্দোষী বুলি স্পষ্টিকৰণ দিছিল আৰু আজি ডিব্ৰুগড় আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ আহোতেই গ্ৰেপ্তাৰ কৰিছে কল্যাণ দত্তক।