অসমৰ সমাজ জীৱনৰ কাৰণে বদৰুদ্দিন আজমল শত্ৰু- লুৰিণজ্যোতি গগৈ

নিউজ ডেস্ক, ৩ ডিচেম্বৰঃ অসমৰ সমাজ জীৱনৰ কাৰণে বদৰুদ্দিন আজমল শত্ৰু। অসমীয়া মানুহ আৰু মহিলা সমাজক চূড়ান্ত অপমান কৰিছে বদৰুদ্দিন আজমলে। প্ৰতিবাৰে এইদৰে মন্তব্য কৰে আৰু পিছলৈ ক্ষমা খোজে। মুখ্যমন্ত্ৰীৰ যদি সাহস আছে আজমলক কৰায়ত্ব কৰি দেখুৱাওক, তেতিয়া মানিম এইদৰে বদৰুদ্দিন আজমলৰ মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে লুৰিণজ্যোতি গগৈয়ে।

আজমলক কৰায়ত্ত কৰি দেখুৱাবলৈ মুখ্যমন্ত্ৰীলৈ প্ৰত্যাহ্বান লুৰিণৰ। তেওঁৰ সাংসদ পদ খাৰিজ কৰাৰো দাবী লুৰিণজ্যোতি গগৈৰ। জিলাই জিলাই গোচৰ ৰুজু কৰাৰ কথাও সদৰি কৰে অজাপৰ সভাপতিগৰাকীৰ।

AssamBadaruddin AjmalDaily time axomGuwahatiIndiaLurinjyoti Gogoipolitics