নিউজ ডেস্ক, ৩ ডিচেম্বৰঃ শীঘ্ৰে আইনী ব্যৱস্থা লোৱা হ’ব বদৰুদ্দিন আজমলৰ বিৰুদ্ধে৷ স্পষ্ট ইংগিত দিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই৷‘আজমলে যাতে সহানুভুতি আদায় কৰিব নোৱাৰে তাৰ ওপৰতো ৰখা হ’ব নজৰ’৷ আইনী যি ব্যৱস্থা আছে সেয়া লোৱা হ’বই বুলি মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই৷
সাংসদগৰাকীয়ে কৰিমগঞ্জত হিন্দু যুৱক-যুৱতীসকলে ৪০বছৰ বয়সলৈ বিয়া নাপাতে, যাৰ বাবে হিন্দুসকলৰ সন্তান কম আৰু ৪০বছৰ আগলৈ অবৈধ সম্পৰ্ক ৰাখে বুলি মন্তব্য কৰিছিল৷