নিউজ ডেস্ক, ৩ ডিচেম্বৰঃ GMC বোকা কেলেংকাৰীৰ অন্যতম অভিযুক্ত মিঠু আগৰৱালক গ্ৰেপ্তাৰ৷পলাতক আছিল ঠিকাদাৰ মিঠু আগৰৱাল৷ বিহাৰৰ পৰা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আগৰৱালাক৷
আজি তেওঁক বিহাৰৰ চুপল জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হ’ব। হাজিৰ কৰাই আগৰৱালাক ট্ৰেনজিৎ ৰিমাণ্ডত লৈ চিএম ভিজিলেন্সৰ দলটো ৰাওনা হ’ব গুৱাহাটী অভিমুখে।
২০ কোটিটকীয়া GMCৰ বোকা নিষ্কাশন কেলেংকাৰীৰে নাম সাঙোৰ খাইছিল মিথু আগৰৱালাৰ।