Daily Time Axom

সাংসদ বদৰুদ্দিন আজমলৰ সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে সৰৱ তৃণমূল কংগ্ৰেছ, বিজনীত আজমলৰ প্ৰতিকৃতি দাহ TMC ৰ

40

নিউজ ডেস্ক, ৩ ডিচেম্বৰঃ সাংসদ বদৰুদ্দিন আজমলৰ সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে সৰৱ তৃণমূল কংগ্ৰেছ। বিজনীত বদৰুদ্দিন আজমলৰ প্ৰতিকৃতি দাহ তৃণমূল কংগ্ৰেছৰ। আজমলৰ সাংসদ পদ খাৰিজ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন তৃণমূল কংগ্ৰেছৰ।

ৰাজ্যজুৰি তোলপাৰ লগাইছে বদৰুদ্দিন আজমলৰ বিতৰ্কিত মন্তব্যই।আজি চিৰাং জিলাৰ বিজনীতো চিৰাং জিলা তৃণমূল কংগ্ৰেছৰ উদ্যোগত বদৰুদ্দিন আজমলৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। বিজনী চহৰত কৰা প্ৰতিবাদী কাৰ্যসূচীত আজমলৰ এনে মন্তব্য উদ্দেশ্য প্ৰণোদিত বুলি মন্তব্য কৰে তৃণমূল কংগ্ৰেছৰ জিলা সভাপতি অনিৰ্বাণ সেনে। এআইডিএফ বিজেপিৰ বি টিম, গুজৰাট নিৰ্বাচনক কেন্দ্ৰ কৰি আজমলে হিন্দু মুছলিমৰ মাজত সংঘাত আনি গুজৰাটত বিজেপিক সহায় কৰিব ওলাইছে আজমলে। নাৰী শক্তিক অপমান কৰা কাৰ্য কেতিয়াও গ্ৰহণ কৰা নহ’ব গতিকে চৰকাৰক বদৰুদ্দিন আজমলৰ সাংসদ পদ খাৰিজ কৰাৰ লগতে অতি কম সময়ৰ ভিতৰত গ্ৰেপ্তাৰ কৰিব লাগে বুলি দাবী উত্থাপন কৰে।

Comments are closed, but trackbacks and pingbacks are open.