নিউজ ডেস্ক, ৪ ডিচেম্বৰঃ আকৌ সংকটজনক অৱস্থাত কিম্বদন্তি ফুটবলাৰ পেলে। চিকিৎসালয়ত বিশেষ ব্যৱস্থাত ৰখা হৈছে পেলেক। কৰ্কটত আক্ৰান্ত পেলেক ৰখা হৈছে End Of Life Careত। শৰীৰৰ অৱস্থা গুৰুতৰ হোৱা বাবে ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত।
দীৰ্ঘদিন পায়ুৰ কৰ্কটত আক্ৰান্ত হৈ আছে কিম্বদন্তি ফুটবলাৰগৰাকী।বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত অস্ত্ৰোপচাৰত পাছত প্ৰদান কৰা হৈছিল কেম’থেৰাপি।
শেহতীয়াকৈ পেলেৰ দেহত অত্যন্ত বিষ হোৱাৰ লগতে উশাহ লোৱাত অসুবিধাৰ সন্মুখীন হৈছে। ইফালে কমোথেৰাপীয়েও কাম নকৰাত তেওঁ লাইফ কেয়াৰ চাপৰ্ট দিয়া হৈছে।