আজি ভাৰতীয় নৌসেনা দিৱস

নিউজ ডেস্ক, ৪ ডিচেম্বৰঃ ভাৰতীয় নৌসেনাৰ অৱদান আৰু সাফল্যক স্বীকৃতি দিবলৈ প্ৰতি বছৰে ৪ ডিচেম্বৰত ভাৰতীয় নৌসেনা দিৱস পালন কৰা হয়।

দেশৰ সেৱাৰ সময়ত প্ৰাণ আহুতি দিয়া সকলো নৌসেনাৰ জোৱানক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। ভাৰতীয় নৌসেনা হৈছে এক ত্ৰিমাত্ৰিক শক্তি যিয়ে আমাৰ দেশৰ স্বাৰ্থত সাগৰত, সাগৰৰ ওপৰত আৰু তলত সুৰক্ষিত কৰে। ইয়াৰ মূল লক্ষ্য হৈছে ভাৰতীয় মহাসাগৰ মণ্ডলত নিজৰ স্থান উন্নত কৰা। প্ৰতি বছৰে এই দিনটোত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয়।

আনহাতে এইবাৰ প্ৰথমবাৰৰ বাবে মহিলাক নৌবাহিনীত নিযুক্তি দিয়া হ’ব। এক সংবাদ মেলত এডমিৰেল হৰি কুমাৰে কয় যে, ভাৰতীয় নৌবাহিনীত প্ৰথমবাৰৰ বাবে মহিলাক নিযুক্তি দিয়া হ’ব। অগ্নিবীৰৰ প্রথম বেটছত প্ৰায় ৩ হাজাৰক নিযুক্তি দিয়া হ’ব আৰু তাৰ ভিতৰত ৩৪১ গৰাকী মহিলাক নৌসেনাৰ নাবিক হিচাপে নিযুক্তি দিয়া হ’ব।

Daily time axomIndiaIndian Navy DayNew Delhi