নিউজ ডেস্ক, ৫ ডিচেম্বৰঃ DU ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰীৰ আত্মসমৰ্পণ। সোমবাৰে পুৱা ৬ বজাত লেখাপানী আৰক্ষী থানাত আত্মসমৰ্পণ কৰে ৰাহুল ছেত্রীয়ে। উল্লেখ্য যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং বিতৰ্কত সাঙোৰ খাইছিল ৰাহুলৰ নাম। ঘটনা সংঘটিত হোৱা দিনৰে পৰা পলাতক আছিল ৰাহুল ছেত্রী।
ইতিমধ্যে ৰাহুল ছেত্রীক নিজৰ জিম্মাত লৈছে ডিব্রুগড় আৰক্ষীয়ে। আনন্দ শৰ্মাৰ ৰেগিং কাণ্ডৰ মূল অভিযুক্ত আছিল ৰাহুল। ৰাহুল ছেত্ৰী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদকো আছিল।
Comments are closed, but trackbacks and pingbacks are open.