নিউজ ডেস্ক, ৫ ডিচেম্বৰঃমহানগৰীৰ বশিষ্ঠত বিধ্বংসী অগ্নিকাণ্ড। বশিষ্ঠৰ অমৃতনগৰ নেপালীবস্তিত এই অগ্নিকাণ্ড। জুইত জাহ গ’ল বহুকেইটা বাসগৃহ। জাহ গৈছে লক্ষাধিক টকাৰ সা-সম্পত্তি ।
অৱশ্যে বৰ্তমানলৈকে অগ্নিকাণ্ডটো ক’ৰ পৰা সূত্ৰপাত হ’ল সেয়া জানিব পৰা হোৱা নাই। অগ্নিকাণ্ডটোৰ ফলত কেইবাটাও বাসগৃহৰ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰো আশঙ্কা কৰা হৈছে।