Daily Time Axom

মঙলদৈত বিধ্বংসী অগ্নিকাণ্ড, শ্বৰ্ট চাৰ্কিটৰ ফলত জ্বলিল কেইবাখনো দোকান

37

নিউজ ডেস্ক, ৫ ডিচেম্বৰঃ মঙলদৈ চহৰৰ মাজমজিয়াত বিধ্বংসী অগ্নিকাণ্ড। শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হোৱা অগ্নিকাণ্ডত কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত হয়। শক্তি বিভাগৰ কাৰ্যলয়ৰ সন্মুখৰ ৬খন দোকান জুইত জাহ যায়।

প্ৰায় ৫০ লাখ টকাৰ সামগ্ৰী এই অগ্নিকাণ্ডত ভস্মীভূত হয় বুলি জানিব পৰা গৈছে। ব্যৱসায়ী কিৰীতি বৰাৰ ব্যৱসায়িক প্ৰতিষ্ঠান শ্বৰ্ট চাৰ্কিটৰ ফলত লগা জুই অগ্নি নিৰ্বাপক বাহিনী আৰু ৰাইজৰ সহযোগত নিৰ্বাপন কৰিবলৈ সক্ষম হয়। প্ৰায় চাৰি ঘণ্টাৰ চেষ্টাৰ অন্তত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

Comments are closed, but trackbacks and pingbacks are open.