নিউজ ডেস্ক, ৫ ডিচেম্বৰঃ লখিমপুৰৰ হাৰমতীত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। এখন টাটা মেজিক আৰু স্কুটীৰ মুখামুখি সংঘৰ্ষত এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোৰ ফলত স্কুটি আৰোহী দুগৰাকী আৰু মেজিকখনক অহা এজন লোক থিতাতে নিহত হয়।
ইয়াৰে এজনক আশ্বাদুল আৰু এজনক আমিৰ হুছেইন বুলি চিনাক্ত কৰা হৈছে। দুৰ্ঘটনাগ্ৰস্ত স্কুটীখনৰ নম্বৰ AR-01M-0945। জানিব পৰা মতে অৰুণাচলৰ পৰা বজাৰ কৰি দ্ৰুতবেগত আহি থকা মেজিক খনে বিপৰীত দিশৰ পৰা আহি থকা স্কুটি খনত খুন্দামাৰে।