Daily Time Axom

আজি গুজৰাট নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিমটো দিন

32

নিউজ ডেস্ক, ৫ ডিচেম্বৰঃ আজি গুজৰাটত অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। ১৪ জিলাৰ ৯৩টা সমষ্টিত হ’ব ভোটগ্ৰহণ। ভাগ্য নিৰ্ণয় হ’ব ৮৩৩ গৰাকী প্ৰাৰ্থীৰ। নিৰ্বাচনৰ বাবে সাজু ২৬,৪০৯টা ভোটকেন্দ্ৰ । ২৬,৪০৯টা ভোটকেন্দ্ৰত আছে প্ৰায় ৩৬,০০০ EVM। ২য় পৰ্যায়ৰ নিৰ্বাচনত ৬৯ গৰাকী মহিলা প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা।

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত অৱতীৰ্ণ হ’ব বহু হাইপ্ৰফাইল নেতা। ভাগ্য নিৰ্ণয় হ’ব মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল, পাটীদাৰ নেতা হাৰ্দিক পেটেলৰ। OBC নেতা অল্পেশ ঠাকুৰৰো নিৰ্ণয় হ’ব ভাগ্য।। দ্বিতীয় পৰ্যায়ত আটাইকেইটা সমষ্টিত প্ৰাৰ্থী দিছে বিজেপি, AAPয়ে। ৯০ খন আসনত প্ৰাৰ্থী দিছে কংগ্ৰেছে। ২ খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব NCPয়ে। ভাৰতীয় ট্ৰাইবেল পাৰ্টীয়ে ১২টাকৈ সমষ্টিত দিছে প্ৰাৰ্থী। ভোটদান কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহেও।

Comments are closed, but trackbacks and pingbacks are open.