নিউজ ডেস্ক, ৬ ডিচেম্বৰঃ ডিব্ৰুগড় বিশ্ব বিদ্যালয়ৰ পাছত এইবাৰ শিলচৰ ডেণ্টেল কলেজত ৰেগিঙৰ ঘটনা৷ ৰেগিং কাণ্ডৰ লগত জড়িত ১৪ শিক্ষাৰ্থীক কলেজ আৰু হোষ্টেলৰ পৰা বহিষ্কাৰ৷ ১ ডিচেম্বৰত এগৰাকী ছাত্ৰক ৰেগিং কৰিছিল ১৪ ছাত্ৰই৷ ইয়াৰ পাছতে অভিযোগ দাখিল কৰিছিল ভুক্তভোগী ছাত্ৰই৷ Central Anti Ragging Squadত দাখিল কৰিছিল এই অভিযোগ৷ ঘটনাৰ পাছতে তদন্ত কমিটী গঠন কৰিছিল কাছাৰৰ উপায়ুক্তই৷ তদন্তৰ অন্তত ১৪ ছাত্ৰৰ ওপৰত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰে কমিটীয়ে৷