‘ছাত্ৰপতি শিৱাজী’ৰ চৰিত্ৰত অক্ষয় কুমাৰ

ছাত্ৰপতি শিৱাজী মহাৰাজৰ স্বৰাজ সপোন বাস্তৱত পৰিণত কৰিবলৈ সাজু হৈছে অভিনেতা অক্ষয় কুমাৰ।

ইতিহাসৰ আটাইতকৈ গৌৰৱময় অধ্যায়ত আছে ছাত্ৰপতি শিৱাজী। নতুন ছবি ‘বেদাত মাৰাথে বীৰ দৌদালে সাত’ কঢ়িয়াই আনিছে তেওঁৰ গৌৰৱ আৰু সমসাময়িক সাহসী যোদ্ধাৰ কাহিনী। অক্ষয় কুমাৰৰ লগতে ছবিখনত অভিনয় কৰিছে জয় দুধনে, উৎকৰ্ষ শিন্দে, বিশাল নিকাম, বিৰাট মাদকে, হাৰ্দিক যোশী, সত্য, অক্ষয়, নবাব খান আৰু প্ৰবীণ টাৰ্ডে।

পৰিচালক মহেশ মঞ্জৰেকাৰে দীৰ্ঘদিন ধৰি মাৰাঠা শাসক ছাত্ৰপতি শিৱাজীৰ জীৱনক লৈ ছবিখনৰ পৰিকল্পনা কৰি আহিছিল। ছবিখনত অক্ষয়ৰ লুক ইয়াৰ পূৰ্বেও প্ৰকাশ পাইছিল। ‘শিৱাজী’ ৰূপত অক্ষয়ে পুনৰ কঁপাইছে ছ’চিয়েল মিডিয়াৰ পৃষ্ঠা।

ইতিহাস মতে মাৰাঠা শাসক শিৱাজীয়ে নিজৰ সামগ্ৰিক ক্ষমতাৰে মুছলমান বংশৰ বিৰুদ্ধে তীব্ৰ প্ৰতিৰোধৰ সৃষ্টি কৰিছিল।তেওঁ এককভাৱে শক্তিশালী মোগল সাম্ৰাজ্যৰ স্থিৰতাক জোঁকাৰি গৈছিল।

বছৰটোৰ ভিতৰত অক্ষয় কুমাৰে কেইবাখনো ছবি কৰিছিল। বহু সময়ত তেওঁ নিজৰ কাম আৰু ইমান উপাৰ্জনৰ বিষয়ে প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হয়। সেই সকলোবোৰ কথা অভিনেতাজনে গুৰুত্ব নিদিয়ে। নতুন বছৰৰ বাবে ইতিমধ্যে তেওঁৰ হাতত বহু কাম।

AssambollywoodDaily time axomGuwahatiIndiaInternationalNew Delhi
Comments (0)
Add Comment