Daily Time Axom

বকোৰ লামপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত এজন অধ্যাপক

53

নিউজ ডেস্ক, ৭ ডিচেম্বৰঃ বকোৰ লামপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই চাহ দোকানত সোমাল এখন বাছ। দুৰ্ঘটনাত থিতাতে নিহত হয় এজন অধ্যাপক। আনহাতে গুৰুতৰভাৱে আহত হোৱা তিনিজনকৈ লোকক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।

অধ্যাপক অঞ্জনজ্যোতি বৰা কামৰূপৰ নগৰবেৰাৰ বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰবক্তা আছিল।

জানিব পৰা মতে, দুৰ্ঘটনাগ্ৰস্ত ‘আৰফান’ নামৰ বাছখন গুৱাহাটীৰ পৰা ধুবুৰী অভিমুখী আছিল।

Comments are closed, but trackbacks and pingbacks are open.