Daily Time Axom

দিল্লী পৌৰ নিগমৰ নিৰ্বাচনত আম আদমী পাৰ্টীৰ বৃহৎ জয়, AAP-ৰ দখললৈ দিল্লী পৌৰ নিগম

34

নিউজ ডেস্ক, ৭ ডিচেম্বৰঃ আজি ঘোষণা হ’ল দিল্লীৰ পৌৰ নিগম নিৰ্বাচনৰ ফলাফল। পুনৰ দিল্লীত জয় সাব্যস্ত কৰিলে আম আদমী পাৰ্টিয়ে। দিল্লী পৌৰ নিগমৰ ২৫০ খন আসনৰ ফলাফল ঘোষণা কৰা হৈছে।

এই ২৫০ খন আসনৰ ১৩৪ খন আসন আপ, ১০৪ খন আসন বিজেপি, ৯ খন আসন কংগ্ৰেছ আৰু অন্যান্যই লাভ কৰে ৩ খনকৈ আসন।

এই জয়ৰ পাছতেই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় যে দিল্লীৰ ৰাইজে ১৫ বছৰে দুৰ্নীতিগ্ৰস্ত বিজেপি চৰকাৰক আঁতৰাবলৈ আৰু আপ চৰকাৰ গঠন কৰিবলৈ সংখ্যাগৰিষ্ঠতা প্ৰদান কৰিছে। এইটো আপৰ বাবে এটা ডাঙৰ দায়িত্ব।

Comments are closed, but trackbacks and pingbacks are open.