Daily Time Axom

আজি গুৱাহাটীৰ গান্ধী মণ্ডপত অসম চৰকাৰৰ কেবিনেট বৈঠক

39

নিউজ ডেস্ক, ৭ ডিচেম্বৰঃ আজি গুৱাহাটীৰ গান্ধী মণ্ডপত অনুষ্ঠিত হ’বলগীয়া কেবিনেট বৈঠকত নাথাকিব চকী–মেজ। পাটিত বহিয়ে মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰীসকলে কৰিব কেবিনেট বৈঠক। প্ৰথমবাৰৰ বাবে পাটিত বহি কৰিব কেবিনেট বৈঠক। আজিৰ কেবিনেট বৈঠকৰ আয়োজন কৰা হৈছে গান্ধী মণ্ডপত। সজাই পৰাই তোলা হৈছে গান্ধী মণ্ডপ।

আজিৰ কেবিনেটত খোৱা পানীৰ সমস্যা, পাহাৰ বেদখল, কৃত্ৰিম বান আদি সমস্যাই কেবিনেটত স্থান লাভ কৰাৰ সম্ভাৱনা আছে। তদুপৰি পৰ্যটনক লৈও ইতিবাচক সিদ্ধান্ত ল’ব পাৰে ৰাজ্যিক কেবিনেটে। আজি বিয়লি ৪ বজাৰ পৰা অনুষ্ঠিত হ’ব কেবিনেট বৈঠক।

Comments are closed, but trackbacks and pingbacks are open.