নিউজ ডেস্ক, ৯ ডিচেম্বৰঃ প্ৰায় ৭ কোটি টকাৰ ড্ৰাগছসহ বোকাজানৰ খটখটিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৩ সৰবৰাহকাৰীক।গ্ৰেপ্তাৰ হ’ল ৩ সৰবৰাহকাৰী ক্ৰমে ইছলাম উদ্দিন, মহম্মদ চমিৰ আৰু মহম্মদ মানাবি।
দুখন ট্ৰাকৰ পৰা উদ্ধাৰ ৭৫৭.১৫ গ্ৰাম ড্ৰাগছৰ লগতে ৩০ হাজাৰ নিচাযুক্ত টেবলেট। বোকাজান আৰক্ষীৰ গোপন তালাচীত জব্দ এই ড্ৰাগছখিনি।
নাগালেণ্ডৰ পৰা দুখন ট্ৰাকত অতি কৌশলেৰে লুকুৱাই আনিছিল এই ড্ৰাগছখিনি।MN 01 9912 নম্বৰৰ ট্ৰাকখনৰ পৰা ৫৫ পেকেট ড্ৰাগছ আৰু NL02 N 3758 নম্বৰৰ ট্ৰাকখনৰ পৰা ৩০ হাজাৰ নিষিদ্ধ টেবলেট জব্দ কৰিছে আৰক্ষীয়ে।
Comments are closed, but trackbacks and pingbacks are open.