Daily Time Axom

১৮ জানুৱাৰীৰ পৰা ৰাজ্যত অনুষ্ঠিত হ’ব গুণোৎসৱ, তিনিটা পৰ্যায়েৰে অনুষ্ঠিত হ’ব গুণোৎসৱ

56

নিউজ ডেস্ক, ৯ ডিচেম্বৰঃ ১৮ৰ পৰা ২১ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ গুণোৎসৱ৷ প্ৰথম পৰ্যায়ত সামৰি ল’ব বৰপেটা, কৰিমগঞ্জ, গোলাঘাট, হোজাই, কামৰূপ, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, মৰিগাঁও, শিৱসাগৰ, দক্ষিণ শালমাৰা- মানকাচৰ, তিনিচুকীয়া, ওদালগুৰি৷

১ৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ৷ দ্বিতীয় পৰ্যায়ত সামৰি ল’ব বাক্সা, চিৰাং, চৰাইদেউ, ধুবুৰী, ডিমাহাচাও, হাইলাকান্দি, যোৰহাট, কামৰূপ মহানগৰ, শোণিতপুৰ আৰু পশ্চিম কাৰ্বি আংলং৷

১৫ৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ৷ তৃতীয় পৰ্যায়ত সামৰি ল’ব বিশ্বনাথ, বঙাইগাঁও, দৰং, ধেমাজি, ডিব্ৰুগড়, গোৱালপাৰা, কাৰ্বি আংলং, কাছাৰ, নগাঁও, নলবাৰী৷

Comments are closed, but trackbacks and pingbacks are open.