নিউজ ডেস্ক, ৯ ডিচেম্বৰঃ বিয়া চলি থকাৰ মাজতে এটা ঘৰত জুইৰ সূত্ৰপাতৰ ফলত ৫জনকৈ লোকৰ কৰুণ মৃত্যু। চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত ৰাজস্থানৰ ভাংগৰা গাঁৱত সংঘটিত হয় এই ভয়ংকৰ ঘটনা। ঘটনাত গুৰুতৰভাৱে আহত ৬০জন লোকক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।
জানিব পৰা মতে বিবাহস্থলীত খাদ্য বনাই থকাৰ সময়ত এটা গেছ চিলিণ্ডাৰ লিক হৈ এই বিস্ফোৰণ সংঘটিত হয়। বিস্ফোৰণৰ ফলত বিয়াখন অনুষ্ঠিত হোৱা ঘৰটোৰ এটা অংশও খহি পৰে।
আহত সকলৰ ভিতৰত প্ৰায় ১২ জনৰ অৱস্থা অধিক সংকটজনক বুলি জানিব পৰা গৈছে।