মহানগৰীৰ চানমাৰিত যুৱতীৰ ৰহস্যজনক মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক, ৯ ডিচেম্বৰঃ মহানগৰীত পুনৰ চাঞ্চল্যকৰ ঘটনা৷ চানমাৰিৰ এটা ভাড়াঘৰত উদ্ধাৰ যুৱতীৰ মৃতেদহ৷ চানমাৰিৰ জ্যোতিনগৰৰ কমলপুৰৰ ভাড়াঘৰত প্ৰেমিক জয়কুমাৰ ৰয়ৰ সৈতে যুৱতীগৰাকী আছিল দীৰ্ঘদিনৰ পৰাই৷ উৰিষ্যাৰ প্ৰেমিক জয়কুমাৰে হত্যা কৰাৰ সন্দেহ যুৱতীগৰাকীৰ পৰিয়ালৰ৷ ঘটনা সংঘটিত হোৱাৰ পাছৰে পৰা সন্ধান নাই প্ৰেমিক জয়কুমাৰৰ৷

শুকুৰবাৰে পুৱাই ঘৰৰ মালিকে ৰহস্যজনকভাৱে প্ৰত্যক্ষ কৰে মৃতদেহটো। পৰিয়ালৰ সন্দেহ, হত্যা কৰা হৈছে যুৱতীগৰাকীক। অভিযোগৰ আঙুলি উঠিছে জয় কুমাৰ ৰয়ৰ বিৰুদ্ধে। ঘটনা সন্দৰ্ভত পৰিয়ালৰ লগতে ভাড়াঘৰৰ মালিকেও চানমাৰি থানাত দাখিল কৰিছে এজাহাৰ।

AssamDaily time axomDeadbodyGuwahatiGuwahati PoliceIndiaRecover