নিউজ ডেস্ক, ১০ ডিচেম্বৰঃ ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ বৃহৎ সফলতা৷ গোপন তথ্যৰ ভিত্তিত অভিযান চলাই এখন ট্ৰাকৰ পৰা জব্দ কৰে দুই লাখ য়াবা টেবলেট৷ শিলচৰ- আইজল ৰাষ্ট্ৰীয় পথত তালাচী চলাই AS25-TC-1582 নম্বৰৰ ট্ৰাক খনৰ পৰা জব্দ কৰা হয় টেবলেট খিনি৷
ট্ৰাকৰ গোপন চেম্বাৰত ২০ টা পেকেটত লুকাই অনা টেবলেটৰ সৈতে ৫ জন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷
জব্দ কৰা টেবলেটখিনি মিজোৰামৰ চাম্পাই জিলাৰ পৰা কাছাৰৰ মাজেৰে বহি ৰাজ্যলৈ সৰবৰাহ কৰাৰ পৰিকল্পনা কৰিছিল সৰবৰাহকাৰীসকলে৷ জব্দ কৰা টেবলেটৰ মূল্য ৫০ কোটি টকাতকৈও অধিক হ’ব বুলি সদৰী কৰিছে কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্তই ।