নিশা মহানগৰীৰ হাতীগাঁৱৰ ৰাজপথত দপদপাই জ্বলিল এখন i10 বাহন

নিউজ ডেস্ক, ১০ ডিচেম্বৰঃ নিশা মহানগৰীৰ হাতীগাঁৱৰ ৰাজপথত দপদপাই জ্বলিল এখন i10 বাহন। প্ৰথমে সংঘটিত হয় এক দুৰ্ঘটনা। দুৰ্ঘটনাগ্ৰস্ত বাহন ক্ৰেনেৰে নিয়াৰ সময়তে জ্বলিল বাহনখন। ক্ৰেনৰ চালকৰ ভুলৰ বাবেই ভস্মীভূত হয় বাহনখন। বাহনখন জ্বলাৰ পাছতে ঘটনাস্থলীৰ পৰা পলায়ন ক্ৰেনৰ চালকৰ।

বাহনখন ভস্মীভূত হোৱাৰ পিছতে ঘটনাস্থলীত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। গণেশগুৰিৰ পৰা হাতীগাঁও অভিমুখী আছিল দুৰ্ঘটনাত পতিত বাহনখন।

AccidentAssamDaily time axomGuwahatiIndiaMassive fire