নিউজ ডেস্ক, ১০ ডিচেম্বৰঃ গুৱাহাটী আই আই টিৰ অধ্যাপকৰ আত্মহনন।গুৱাহাটীৰ আই আই টিত অধ্যাপকজনে বাস কৰা ডি ০০২ কোঠাত চিপ লৈ থকাৰ অৱস্থাত উদ্ধাৰ মৃতদেহটো।
অধ্যাপকজন দিল্লীৰ ড° সমীৰ কামাল। গণিত বিভাগৰ অধ্যাপক আছিল তেওঁ।
কি কাৰণত অধ্যাপকজনে আত্মহত্যা কৰিলে সেয়া এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি দণ্ডাধীষৰ উপস্থিতিত প্ৰেৰণ কৰে মৰণোত্তৰ পৰীক্ষালৈ। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।
উল্লেখ্য যে, কিছুদিনৰ পূৰ্বেও দুজনকৈ ছাত্ৰই আত্মহনন কৰিছিল গুৱাহাটী আই আই টিত।
Comments are closed, but trackbacks and pingbacks are open.