নিউজ ডেস্ক, ৯ ডিচেম্বৰঃ লামডিঙৰ শিমলুতলাত এক গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। লামডিঙৰ এগৰাকী প্রাক্তন ৰে’লৱে কৰ্মচাৰীলৈ দুৰ্বৃত্তই গুলীচালনা কৰে।
দুৰ্বৃত্তৰ গুলিত আহত হয় ৰে’ল বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তৰুণ চক্রৱৰ্তী।
জানিব পৰা মতে এখন স্কুটীৰে আহি দুৰ্বৃত্তই দুই জাঁই গুলী চলায় লোকজনৰ ওপৰত। তৰুণ চক্ৰৱৰ্তী লামডিং মাণ্ডলিক প্ৰৱন্ধকৰ কাৰ্যালয়ৰ কৰ্মচাৰী আছিল |
ঘটনাটোৰ সময়ত ব্যক্তিজন ঘৰৰ ওচৰতে ৰৈ আছিলে | সেই সময়তে এখন স্কুটিত অহা দুজন আৰোহীয়ে গুলীয়াই থৈ যায় ব্যক্তজনক।
তৰুণ চক্রৱৰ্তীৰ মূৰ আৰু ডিঙিত গুলী লাগিছে বুলি জানিব পৰা গৈছে ।