আজি হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে কংগ্ৰেছ নেতা সুখবিন্দৰ সিং সুখুৱে

নিউজ ডেস্ক, ১১ ডিচেম্বৰঃ আজি হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে কংগ্ৰেছ নেতা সুখবিন্দৰ সিং সুখুৱে। আনহাতে মুকেশ অগ্নিহোত্ৰীয়ে উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

চিমলাৰ ঐতিহাসিক ৰিজ ময়দানত শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়। শপত গ্ৰহণ অনুষ্ঠানত দলৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গে, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী ৱদ্ৰাকে ধৰি আন জ্যেষ্ঠ নেতাসকলে উপস্থিত থাকে।

উল্লেখ্য, কংগ্ৰেছে হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনত ৬৮খন আসনৰ ভিতৰত ৪০খন আসন লাভ কৰি ভাৰতীয় জনতা পাৰ্টীক ক্ষমতাৰ পৰা উৎখাত কৰিছিল।

Daily time axomHimachal PradeshIndiaMallikarjun KhargeMukesh AgnihotripoliticsRahul GandhiSukhvinder Singh SukhuTake oath