বোকাখাতত পুৱা খেতিপথাৰলৈ গৈ থকা অৱস্থাতে গঁড়ৰ আক্ৰমণত এজনৰ মৃত্যু

নিউজ ডেস্ক, ১১ ডিচেম্বৰঃ পুৱা পথাৰলৈ গৈ থকা অৱস্থাতে গঁড়ৰ আক্ৰমণত থিতাতে নিহত এজন লোক। বোকাখাতৰ কুৰুৱাবাহীৰ চহলা অঞ্চলত গঁড়ৰ আক্ৰমনত এগৰাকী লোকৰ কৰুণ মৃত্যু।

মৃত লোকজনৰ নাম ৬০ বছৰীয়া তাৰচন চৌধুৰী বুলি জানিব পৰা গৈছে৷ পুৱা খেতিপথাৰলৈ গৈ থকা অৱস্থাতে বনাঞ্চলৰ পৰা আহি পথাৰত বিচৰণ কৰি থকা এটা গঁড়ে অতৰ্কিতে আক্ৰমণ কৰে।

উল্লেখ্য যে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা অহা গঁড়ৰ দলে চহলা অঞ্চলৰ ৰাইজক দীৰ্ঘদিনৰে পৰা যথেষ্ট ক্ষতি সাধন কৰি আহিছে। এতিয়া এই ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।

AssamAttackBokakhatDaily time axomDeathIndiaRhino