লামডিঙৰ গুলীচালনাৰ ঘটনাৰ নতুন মোৰ, পৰকীয়া প্ৰেম, সম্পত্তিৰ বাবেই গুলীচালনা কৰিছিল অৱসৰপ্ৰাপ্ত ৰে’ল কৰ্মচাৰীক

নিউজ ডেস্ক, ১১ ডিচেম্বৰঃ লামডিঙৰ গুলীচালনাৰ ঘটনাৰ নতুন মোৰ। প্ৰফেছনেল কিলাৰ মোহন কুমাৰক গ্ৰেপ্তাৰ আৰক্ষীৰ। নিউ বঙাইগাঁও ৰে’ল আৰক্ষীৰ জালত মোহন কুমাৰ। পৰকীয়া প্ৰেম, সম্পত্তিৰ বাবেই গুলীচালনা কৰিছিল অৱসৰপ্ৰাপ্ত ৰে’ল কৰ্মচাৰীক।

২ লাখ টকাৰ বিনিময়ত বিহাৰৰ ককা-নাতিনীয়ে লৈছিল হত্যাৰ দায়িত্ব। বিহাৰৰ বেগুচৰাইৰ ককা-নাতিনীয়ে চলাইছিল হত্যাৰ পৰিকল্পনা। ঘটনাৰ মাষ্টাৰ মাইণ্ড ৰে’ল বিভাগৰ কৰ্মচাৰী অনিল মালাকাৰ, বুলতি চক্ৰৱৰ্তী। গুলীবিদ্ধ তৰুণ চক্ৰৱৰ্তীৰ ভাইবোৱাৰী বুলতি চক্ৰৱৰ্তী।

ভাইবোৱাৰী বুলতি চক্ৰৱৰ্তী, বুলতিৰ প্ৰেমিক অনিল মালাকাৰে ৰচিছিল ষড়যন্ত্ৰ। গুলীচালনা কৰিয়েই লামডিঙৰ পৰা পলায়ন কৰিছিল প্ৰফেছনেল কিলাৰ। বিকানেৰ এক্সপ্ৰেছেৰে বহিঃৰাজ্যলৈ যোৱাৰ অৱস্থাতেই গ্ৰেপ্তাৰ মোহন কুমাৰক। তৎপৰ হৈছিল SDGP জি পি সিং, মধ্য অসমৰ DIG, হোজাই আৰক্ষী অধীক্ষক। ঘটনা সন্দৰ্ভত ইতিমধ্যে জালত পৰা ৬ জনক মাৰাথন জেৰা আৰক্ষীৰ।

ArrestAssamBiharDaily time axomfiringIndiaLumbding