নিউজ ডেস্ক, ১১ ডিচেম্বৰঃ বঙাইগাঁও আৰু চিৰাং জিলাৰ সীমান্তৰ ডাঙাইগাঁৱত শনিবাৰে নিশা আৰক্ষীয়ে এক অভিযান চলাই দুই ট্ৰাক হাইজেকাৰ আটক কৰে। আটকাধীন লোক দুজন হৈছে ২নং ভাণ্ডাৰাৰ উছমান গণি আৰু আনজন বালাৰচৰ জুব্বাৰ আলী। ইয়াৰোপৰি, বিজনীৰ ডাঙাইগাঁৱত দুৰ্ঘটনাগ্ৰস্ত হৈ নিহত আন এটা হাইজেকাৰকো উদ্ধাৰ কৰে আৰক্ষীয়ে।
আৰক্ষীয়ে AS18F5921 নম্বৰৰ বাইকখন উদ্ধাৰ কৰিছে। জানিব পৰা মতে, NL01L9557 নম্বৰৰ ট্ৰাকৰ সৈতে এই বাইকৰ সংঘৰ্ষ হৈছিল। উল্লেখ্য যে, বঙাইগাঁও জিলাত ২৫ নৱেম্বৰত সংঘটিত ট্ৰাক হাইজেকৰ ঘটনাত এই দলটো জড়িত থকাৰ অভিযোগ আৰক্ষীৰ।
ইফালে, আৰক্ষীৰ অভিযানৰ উমান পাই পলাবলৈ চেষ্টা চলাওতে নিহত হোৱা হাইজেকাৰটো কীৰ্তনপাৰাৰ ছহিদুল ইছলাম বুলি জানিব পৰা গৈছে। নিহত ছহিদুল ইছলামে আৰক্ষীৰ অভিযানৰ মাজতে পলাবলৈ চেষ্টা চলাইছিল ।
Comments are closed, but trackbacks and pingbacks are open.