নিউজ ডেস্ক, ১২ ডিচেম্বৰঃ বিলাসীপাৰাত উদণ্ড যুৱকৰ বাইকৰ খুন্দাত নিহত এগৰাকী মহিলা । দুৰ্ঘটনা সংঘটিত কৰিয়ে সামাজিক মাধ্যমত ভিডিঅ’ প্ৰকাশ কৰি পৈশাচিক আনন্দত লিপ্ত হ’ল বাইকাৰৰ দলটি ।
উল্লেখ্য যে, শনিবাৰে সন্ধিয়া বিলাসীপাৰাৰ সূৰ্য্যখাতাত সংঘটিত হৈছিল ভয়ংকৰ পথ দুৰ্ঘটনা। উদণ্ড যুৱকৰ তীব্ৰ বেগী বাইকৰ খুন্দাত গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত হৈছিল সূৰ্য্যখাতা প্ৰথম খণ্ড গাঁৱৰ ছকিনা বেওৱা (৭০) নামৰ এগৰাকী বৃদ্ধ মহিলা। পিছত বৃদ্ধ মহিলা গৰাকীক ততাতৈয়াকৈ বিলাসীপাৰাৰ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসালয়ত মৃত্যু হয় ।
মহিলা গৰাকীৰ কৰুণ মৃত্যুত সমগ্ৰ সূৰ্য্যখাতা গাঁৱত শোকাকুল পৰিৱেশ বিৰাজ কৰি থকা অৱস্থাতেই উদণ্ড যুৱকৰ দলটিয়ে নিজকে Gang of Devil বুলি সম্বোধন কৰি সামাজিক মাধ্যমত ভাইৰেল কৰিলে ভিডিঅ’।
“এজনক মাৰি পেলাই দহ মিনিটৰ ভিতৰত থানাৰ পৰা ওলাই অহা হ’ল। গেং অৱ ডেভিলৰ এই পাৱাৰ। আমি এতিয়া পাৰ্টী কৰি আছোঁ।” ধূমপান কৰি সামাজিক মাধ্যমত এই বুলি ভিডিঅ’ ভাইৰেল কৰিলে উদণ্ড যুৱকৰ দলটোৱে ।