Daily Time Axom

টাৱাঙত ভাৰত-চীনৰ সেনা জোৱানৰ মাজত হতাহতি, গুৱাহাটীৰ 151 সেনা হাস্পতালত ভৰ্তি আহত ভাৰতীয় সেনাক

63

নিউজ ডেস্ক, ১৩ ডিচেম্বৰঃ পুনৰ সংঘৰ্ষ ভাৰত আৰু চীনৰ সেনাৰ মাজত। শুকুৰবাৰে নিশা দুয়োখন দেশৰ সেনাই নিয়ন্ত্ৰণ ৰেখাৰ সমীপত সংঘৰ্ষত লিপ্ত হয়। দুয়ো পক্ষৰ কেইবাজনো আহত হোৱাৰ খবৰ পোৱা হৈছে।

জানিব পৰা মতে, অৰুণাচল প্ৰদেশৰ টাৱাং ছেক্টৰত দুই দেশৰ সেনাৰ মাজত বিবাদ হয়। নিৰ্দিষ্ট এক অঞ্চলক দুয়ো দেশৰ সেনাই নিজৰ বুলি দাবী কৰে। ৯ ডিচেম্বৰত পুনৰ চীনা সেনাই সেই অঞ্চলত বলপূৰ্বক প্ৰৱেশ কৰাৰ চেষ্টা চলায়। সেই সময়ত তেওঁলোকক বাধা দিয়ে ভাৰতীয় সেনাই। ফলত দুয়োপক্ষৰ কেইবাজনো আহত হোৱা বুলি জানিব পৰা গৈছে।আনহাতে গুৱাহাটীৰ 151 সেনা হাস্পতালত ভৰ্তি আহত ভাৰতীয় সেনাক৷

Comments are closed, but trackbacks and pingbacks are open.