Daily Time Axom

শিক্ষা বিভাগৰ নিৰ্দেশনাঃ এতিয়াৰে পৰা ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত বিষয় শিক্ষকে কৰিব লাগিব পাঠদান

64

নিউজ ডেস্ক, ১৩ নৱেম্বৰঃ শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। এতিয়াৰে পৰা নিম্ন শ্ৰেণীত বাধ্যতামূলকভাৱে পাঠদান কৰিব লাগিব বিষয় শিক্ষকে। পূৰ্বে অধিকাংশ শিক্ষকে একাদশ, দ্বাদশ শ্ৰেণীতহে কৰিছিল পাঠদান। নগন্য সংখ্যক বিষয় শিক্ষকেহে পাঠদান কৰিছিল মাধ্যমিক পৰ্যায়ত।

এতিয়াৰে পৰা ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত কৰিব লাগিব পাঠদান। শিক্ষাক্ষেত্ৰ আঁচনি অনুসৰি এই নিৰ্দেশনা মাধ্যমিক শিক্ষা বিভাগৰ। মাধ্যমিক শিক্ষা বিভাগৰ সচিব ড০ বিজয়া চৌধুৰীয়ে জাৰি কৰে এই নিৰ্দেশনা। শিক্ষাৰ মান উন্নত কৰাৰ স্বাৰ্থতে এই সিদ্ধান্ত ৰাজ্য চৰকাৰৰ।

Comments are closed, but trackbacks and pingbacks are open.