প্রাক্তন বিধায়কৰ বাসগৃহত ডকাইতি কাণ্ড, অচেতন কৰি লুটপাট কৰিলে ধন-সোণ

নিউজ ডেস্ক, ১৩ ডিচেম্বৰঃ ধিং সমষ্টিৰ প্ৰাক্তন বিধায়ক মোৱাৰক আলী পাঠানৰ বাসগৃহত নিশা ডকাইতি কাণ্ড। ধিঙৰ খৈৰামাৰীৰ পাঠানৰ বাসগৃহত এটি সশস্ত্ৰ ডকাইতৰ দলে প্ৰৱেশ কৰি প্ৰাক্তন বিধায়ক জনৰ লগতে পত্নী,বোৱাৰীয়েকক মাৰধৰ কৰে ৷ অত্যাধিক মাৰপিট কৰাত তিনিওজন ঘৰৰ ভিতৰতে অচেতন হৈ পৰে ৷ পিছত দলটোয়ে মাটিৰ নথি পত্ৰকে ধৰি সোনৰ আ অলংকাৰ লুট কৰি নিয়ে।

ডকাইতৰ আক্ৰমনত গুৰুতৰ ভাৱে আহত প্ৰাক্তন বিধায়ক মোবাৰক আলি পাঠান ৷ পত্নী বোৱাৰীসহ পাঠান বৰ্তমান সংকট জনক অৱস্থাত চিকিৎসাধীন নগাঁৱৰ ধিঙৰ এখন চিকিৎসালয়ত ৷

মঙ্গলবাৰে পুৱা স্থানীয় লোকে ঘটনাটো জানিব পাৰি আৰক্ষীক খবৰ দিয়াৰ লগতে তিনিজনকে চিকিৎসালয়ত ভৰ্তি কৰে ৷ এই ঘটনাক লৈ ধিঙত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

AssamDaily time axomDhingDhing PoliceIndiaRobbery