সমলিংগ বিবাহ বিধেয়কখনক আইনৰ ৰূপ দিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেনে। আজি এই বিধেয়কখনত তেওঁ স্বাক্ষৰ কৰে।উল্লেখ্য যে, ২০১৫ চনত উচ্চতম ন্যায়ালয়ে সমগ্ৰ দেশতে ইয়াক নিষিদ্ধ কৰিছিল।
বাইডেনে কয় – “আমেৰিকাৰ নাগৰিকসকলে এই মুহূৰ্তৰ বাবে বহুদিনৰ পৰা অপেক্ষা কৰি আছিল। সমতা আৰু ন্যায়ৰ পক্ষত থকাসকলে কেতিয়াও হাৰ নামানিল আৰু তেওঁলোকৰ বাবে এই মুহূৰ্তটো গুৰুত্বপূৰ্ণ। ডেম’ক্ৰেট আৰু ৰিপাব্লিকানসকলে একত্ৰিত হৈ সিদ্ধান্ত লোৱাটো অতি বিৰল। সমলিংগ বিবাহ বিধেয়ক প্ৰণয়ন কৰাটো তেনে এক সুযোগ।”
আমেৰিকাৰ চেনেটত বিধেয়কখন গৃহীত কৰিবলৈ ১০০ জন সদস্যৰ ভিতৰত ৬১ জন ভোটৰ প্ৰয়োজন হৈছিল। ইয়াৰে ১১ জন ৰিপাব্লিকান সাংসদেও ইয়াক সমৰ্থন কৰিছিল।
আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে কয় যে প্ৰেম হৈছে প্ৰেম। প্ৰতিজন ব্যক্তিৰ প্ৰেমৰ অধিকাৰ আছে। মানুহে নিজেই সিদ্ধান্ত ল’ব পাৰে যে বিয়া কাৰ লগত হ’ব। বাইডেনে লগতে কয় আমেৰিকাত বাস কৰা প্ৰতিজন নাগৰিকে নিজৰ ভালপোৱা ব্যক্তিজনক বিয়া কৰাবলৈ অধিকাৰ আছে।
এই বিধেয়কখন জুলাই মাহত প্ৰতিনিধি সদনত উত্থাপন কৰা হৈছিল।
জুন মাহত উচ্চতম ন্যায়ালয়ে গৰ্ভপাতৰ অধিকাৰ সুৰক্ষিত কৰা ৰায় বাতিল কৰিছিল। তেতিয়াৰ পৰাই আমেৰিকাৰ মানুহে আশংকা কৰিছিল যে সমলিংগ বিবাহো বিপদত পৰিব পাৰে। ইয়াৰ পিছতে বাইডেনৰ চৰকাৰে সমলিংগ বিবাহক স্বীকৃতি দিয়া এই বিধেয়কখন আনিলে।
এই বিধেয়কখন জুলাই মাহত প্ৰতিনিধি সদনত উত্থাপন কৰা হৈছিল। সদনে সিদ্ধান্ত লৈছিল যে এই বিধেয়কখনক ভোটদান কৰি আইনত পৰিণত কৰা হ’ব, তাৰ পিছত ১৬ নৱেম্বৰত এই বিধেয়কখন ছিনেটলৈ প্ৰেৰণ কৰা হয়। ৩০ নৱেম্বৰত ছিনেটে বিধেয়কখন গৃহীত কৰি ৰাষ্ট্ৰপতি বাইডেনলৈ প্ৰেৰণ কৰে। ১৪ ডিচেম্বৰ অৰ্থাৎ আজি বাইডেনে সমলিংগ বিবাহ বিধেয়কত স্বাক্ষৰ কৰি আইনত পৰিণত কৰে।