মহানগৰীৰ গণেশগুৰিৰ পৰা জব্দ ১৪ কোটি টকাৰ ড্রাগছ

নিউজ ডেস্ক, ১৪ ডিচেম্বৰঃ ৰাজ্য়ত ন ন কৌশলেৰে ড্ৰাগছৰ সৰবৰাহ অব্যাহত। এইবাৰ এম্বুলেঞ্চেৰে ড্ৰাগ্ছ সৰবৰাহ কৰি ধৰা পৰিল আৰক্ষীৰ হাতত।মহানগৰীৰ যুটীয়া আৰক্ষী আয়ুক্তৰ নেতৃত্বত চলা অভিযানত মণিপুৰৰ পৰা অহা এখন এম্বুলেন্সত উদ্ধাৰ হ’ল বুজন পৰিমাণৰ ড্ৰাগছ। এম্বুলেন্সখনৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে ১৪ কোটি টকাৰ ড্ৰাগছ। ৫০ হাজাৰ য়াবা টেবলেট, বহু পৰিমাণৰ হেৰ’ইন জব্দ কৰাৰ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মেঘালয়ৰ ৰাজাৱালাৰ মিৰাজুল ইছলাম নামৰ এজনক।

AssamDaily time axomDrugsGuwahatiGuwahati PoliceIndiaManipurNorth East