নিউজ ডেস্ক, ১৪ ডিচেম্বৰঃ বছৰৰ শেষত অসমবাসীৰ বাবে ভাল খবৰ। অসমীয়া জাতিৰ স্বাভিমান গামোচাই লাভ কৰিলে জি আই টেগ।
ভাৰত চৰকাৰৰ Geographical Indications Registry য়ে আগবাঢ়াইছে এই জি আই টেগ। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰিলে এই খবৰ।
ইয়াৰ পিছতেই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমবাসীক অভিনন্দনো জ্ঞাপন কৰিছে।