Daily Time Axom

ৰাজধানী দিল্লীত ভয়ংকৰ ঘটনা ! বিদ্যালয়লৈ গৈ থকা ছাত্ৰীৰ ওপৰত এচিডৰে আক্ৰমণ

65

নিউজ ডেস্ক, ১৪ ডিচেম্বৰঃ ৰাজধানী দিল্লীত ভয়ংকৰ ঘটনা। দক্ষিণ-পশ্চিম দিল্লীৰ দ্বাৰকা অঞ্চলত দুজন বাইক আৰোহীয়ে এগৰাকী কিশোৰীলৈ এচিড নিক্ষেপ কৰাৰ ঘটনা সংঘটিত হৈছে।

প্ৰাপ্ত তথ্য মতে দক্ষিণ-পশ্চিম দিল্লীৰ দ্বাৰকা অঞ্চলত দুজন বাইক আৰোহীয়ে এগৰাকী ১৭ বছৰীয়া কিশোৰীৰ দেহলৈ এচিড নিক্ষেপ কৰি পলায়ন কৰে। ঘটনাত কিশোৰীগৰাকী গুৰুতৰ ভাৱে আহত হয়।

আহত হোৱা কিশোৰীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। কিশোৰীগৰাকীৰ মুখ আৰু চকুত এচিড পৰাৰ ফলত জ্বলি গৈছে। ইফালে এই ঘটনা সংঘটিত কৰা দুই যুৱকৰ ভিতৰত এজনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে।

Comments are closed, but trackbacks and pingbacks are open.