নিউজ ডেস্ক, ১৪ ডিচেম্বৰঃ বিলাসীপাৰা থানাত চাঞ্চল্যকৰ ঘটনা। নিশা থানা চৌহদত থকা তিনিখন বাইক জ্বলাই দিলে দুৰ্বৃত্তই। আৰক্ষীয়ে জব্দ কৰিছিল এই বাইককেইখন। কোনে কি কাৰণত বাইক কেইখন জ্বলাই দিলে সেয়া এতিয়ালৈ পোহৰলৈ অহা নাই। উল্লেখযোগ্য যে এই তিনিখন বাইক আছিল ‘গেং অব ডেভিল’ নামৰ দুষ্ট চক্ৰটোৰ।
গেং অৱ ডেভিলচ গ্ৰুপৰ ম’ষ্ট ৱাণ্টেড আখিৰুল ইছলাম আৰু মিনহাজুল কৰিমে ব্যৱহাৰ কৰা বাইকত অগ্নি সংযোগ। জ্বলাই দিয়া বাইক ৩ খনৰ নম্বৰ হৈছে- AS.19H1555, AS.17M.4525 আৰু AS.17M1101। আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিছিল বাইককেইখন।
Comments are closed, but trackbacks and pingbacks are open.