ধিঙত পিষ্টলসহ ৩ কুখ্যাত ডকাইত আটক

নিউজ ডেস্ক, ১৮ ডিচেম্বৰঃ ধিং সমষ্টিৰ প্ৰাক্তন বিধায়ক মোবাৰক আলী পাঠানৰ বাসগৃহত নিশা ডকাইতৰ দলে স্প্ৰে মাৰি অচেতন কৰি ডকাইতি কাণ্ড সংঘটিত কৰা সন্দৰ্ভত তিনিটা ডকাইতক গ্ৰেপ্তাৰ কৰে ধিং আৰক্ষীয়ে।

লগতে আৰক্ষীয়ে ডকাইতৰ দলৰ পৰা ৭.৬ পিষ্টলৰ লগতে ৩ জাঁই সজীৱ গুলী জব্দ কৰে। আৰক্ষীয়ে জানিব দিয়া অনুসৰি ডকাইত কেইজনৰ পৰা উদ্ধাৰ কৰে আ-অলংকাৰ। ধৃত ডকাইত কেইটা ক্ৰমে ওমৰ ফাৰুক, আবুল হুছেন আৰু ইনামূল। ওমৰ ফাৰুকৰ ঘৰৰ পৰা ৩ জাঁই গুলীসহ পিষ্টল উদ্ধাৰ কৰে আৰক্ষীয়ে।

ArrestAssamDaily time axomDhingIndia