নিউজ ডেস্ক, ১৮ ডিচেম্বৰঃ আজি মেঘালয়, ত্ৰিপুৰালৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। শ্বিলঙত অংশ ল’ব NECৰ সোণালী জয়ন্তীত। শ্বিলঙৰ কনভেনশ্বন চেণ্টাৰত হ’ব উত্তৰ-পূব পৰিষদৰ সোণালী জয়ন্তীৰ কাৰ্যসূচী। সোণালী জয়ন্তীত অংশগ্ৰহণৰ পাছত অংশ ল’ব এখন ৰাজহুৱা সভাতো। ৰাজহুৱা সভাত কেইবাটাও প্ৰকল্প মুকলি কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিব মোডীয়ে। শ্বিলঙৰ পৰা বিয়লি আগৰতলালৈ যাব প্ৰধানমন্ত্ৰী। ৪,৩৫০ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব মোডীয়ে। শ্বিলঙৰ পৰাই ৩২০টা 4G মোবাইল টাৱাৰ দেশবাসীৰ বাবে কৰিব উছৰ্গা।
Comments are closed, but trackbacks and pingbacks are open.