নিউজ ডেস্ক, ১৯ ডিচেম্বৰঃ সোমবাৰৰ পুৱাৰে পৰা বটদ্ৰৱাৰ বেদখলকৃত ভূমিত নগাঁও জিলা প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। বটদ্ৰৱাৰ হাজাৰ হাজাৰ বিঘাৰ ভূমিত চলিল এই উচ্ছেদ অভিযান।
ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত হাইডুবি কৃষি বীজফাৰ্ম, ভোমোৰাগুৰি লালুংগাঁও, ধনীয়াভেটি জামাই বস্তি,বৰসিঁচা আদি অঞ্চলৰ হাজাৰ বিঘাৰো অধিক ভূমিত চলিব এই অভিযান। আজি পুৱাৰ ভাগৰে পৰা আৰক্ষীৰ বৃহৎ দলে জে চি বিৰ সহযোগত শান্তিজান বজাৰৰ পৰা আৰম্ভ কৰিলে উচ্ছেদ অভিযান। শান্তিজনৰ পিছত এতিয়া উচ্ছেদকাৰী দল হাইডুবি কৃষি বীজফাৰ্মত চলাইছে উচ্ছেদ অভিযান। এফালৰ পৰা উচ্ছেদ কৰি গৈ আছে বেদখলকৃত স্থানসমূহ।