নিউজ ডেস্ক, ১৯ ডিচেম্বৰঃ ফুটবল প্ৰেমীসকলৰ বাবে সু-খবৰ। আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা এতিয়াই অৱসৰৰ নলয় লিঅ’নেল মেছিয়ে। ফ্ৰান্সৰ বিৰুদ্ধে ফিফা বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনাৰ বিজয়ৰ পাছত এই সিদ্ধান্ত মেছিৰ। এতিয়াও বিশ্ব চেম্পিয়নৰ টেগৰ সৈতে ৰাষ্ট্ৰীয় দলৰ জাৰ্চী পিন্ধি আৰ্জেণ্টিনাৰ বাবে ফুটবল খেলিব বিচাৰে বুলি মন্তব্য তাৰকা ফুটবলাৰগৰাকীৰ। উল্লেখ্য যে, ক্ৰ’ৱেছিয়াৰ বিৰুদ্ধে ছেমি ফাইনেলৰ পাছত ২০২২ বৰ্ষৰ ফিফা বিশ্বকাপৰ ফাইনেল খেলখন মেছিৰ অন্তিম বিশ্বকাপ বুলি ঘোষণা কৰিছিল ফুটবলাৰগৰাকীয়ে।
Comments are closed, but trackbacks and pingbacks are open.