নিউজ ডেস্ক, ১৯ ডিচেম্বৰঃ লখিমপুৰৰ দলহাটত পুৱাই সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। দ’লহাটৰ চি কে মিছনৰ সন্মুখত সংঘটিত হয় এই দুৰ্ঘটনাটো।
দুৰ্ঘটনাত নৱ শইকীয়া নামৰ প্ৰায় ৭৫ বছৰীয়া এজন চাইকেল আৰোহী থিতাতে নিহত হয়।
লখিমপুৰ দিশে আহি থকা অৱস্থাত AS 07BC 0405 নামৰ এখন মাৰুটি বাহনে সংঘটিত কৰে এই দুঘটনাটো।
দুৰ্ঘটনা সংঘটিত কৰিয়েই বাহনখন পলায়ন কৰে যদিও আৰক্ষীযে কৰায়ত্ত কৰিবলৈ সক্ষম হয়।